চিদ্দাৰমাইয়া মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব ২৪ গৰাকীকৈ নতুন মন্ত্ৰীক!

কৰ্ণাটকত নৱনিৰ্বাচিত কংগ্ৰেছ চৰকাৰে সম্প্ৰসাৰন কৰিব পূৰ্ণাংগ ৰাজ্যিক মন্ত্ৰীসভা

নেচনেল ডেস্ক:

জি কৰ্ণাটকত নৱনিৰ্বাচিত কংগ্ৰেছ চৰকাৰে সম্প্ৰসাৰন কৰিব পূৰ্ণাংগ ৰাজ্যিক মন্ত্ৰীসভা। চিদ্দাৰমাইয়া মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব ২৪ গৰাকীকৈ নতুন মন্ত্ৰীক। কংগ্ৰেছৰ শীৰ্ষ নেতা, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মাজত সুদীৰ্ঘ আলোচনাৰ অন্তত লোৱা হয় এই সিদ্ধান্ত।

উল্লেখ্য যে, ১৩ মে’ত বিধানসভা নিৰ্বাচনত দলটোৱে বৃহৎ জয় লাভ কৰিছিল।অৱশেষত নৱনিৰ্বাচিত কংগ্ৰেছ চৰকাৰে লাভ কৰিব পূৰ্ণাংগ ৰাজ্যিক মন্ত্ৰীসভা। ইতিমধ্যে ২০ মে’ত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ লগতে আঠ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছিল। কৰ্ণাটকৰ কেবিনেটত মুখ্যমন্ত্ৰীকে ধৰি মুঠ ৩৪জন মন্ত্ৰী থাকিব পাৰে।

কংগ্ৰেছে চূড়ান্ত কৰা তালিকা অনুসৰি সম্প্ৰসাৰিত মন্ত্ৰীসভাত লিংগায়ত সম্প্ৰদায়, ভোক্কালিগা সম্প্ৰদায়, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, মুছলমান সম্প্ৰদায় আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ মন্ত্ৰী থাকিব।।

You might also like
Leave A Reply

Your email address will not be published.