আজি ২৭ মে’

▶️১৯০১ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম মহাবিদ্যালয় গুৱাহাটীৰ কটন কলেজ মুকলি।
▶️১৯১০ চনৰ এই দিনটোতেই জাৰ্মান জীৱানু বিজ্ঞানী ৰবাৰ্ট কখৰ( সম্পূৰ্ণ নাম হেনৰিক হেৰমান ৰবাৰ্ট কখ) মৃত্যু হৈছিল। যক্ষ্মা আৰু কলেৰা ৰোগৰ জীৱাণুৰ আৱিষ্কাৰক ৰূপে ৰবাৰ্ট কখ বিখ্যাত।
▶️১৯১১ চনৰ এই দিনটোতেই মুক্তিযোদ্ধা,সাহিত্যিক শিৱপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ কপিৰাইট বিধেয়ক গৃহীত হৈছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু ঘটিছিল। দেশজুৰি ১২ দিন ৰাষ্ট্ৰীয় শোক পালন।
▶️১৯৮৯ চনৰ এই দিনটোতেই ব্ৰহ্মদেশৰ নাম সলনি কৰি ম্যানমাৰ হৈছিল। দেশখনৰ ৰাজধানী চহৰ ৰেংগুনৰো নাম সলনি কৰি নতুন নাম দিয়া হৈছিল য়াংগোন।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি জে এছ বাৰ্মাক ৰাজীৱ গান্ধী হত্যাৰ তদন্তৰ দায়িত্ব।
▶️১৯৯৬ চনৰ এই দিনটোতেই প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ১২ দিনীয়া চৰকাৰৰ আস্থাভোট গ্ৰহণ। আস্থাভোটক লৈ হোৱা দুদিনীয়া বিতৰ্কৰ অন্তত কাৰ্যভাৰ গ্ৰহণৰ মাত্ৰ ১৩ দিনৰ পিছতে ২৮ মে’ত বাজপেয়ী চৰকাৰৰ পতন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিলত ভাৰতীয় বিমান বাহিনীৰ দুখন মিগ যুদ্ধ বিমান ধ্বংস।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই এভাৰেষ্টৰ উত্তৰ দিশেৰে (তিব্বতৰ কাংচুং অংশৰে) তিনিজন ভাৰতীয় অভিযাত্ৰী কুছাং দৰ্জী,ছাংগে শ্বেৰ্পা আৰু আমন প্ৰকাশৰ এভাৰেষ্টত আৰোহন। এই পথেৰে এভাৰেষ্টত আৰোহন কৰা তেওঁলোকেই প্ৰথম ভাৰতীয়।
▶️২০০০ চনৰ আজিৰ দিনটোতেই আলফা নেতা,কবি স্বাধীনতা ফুকন ওৰফে কবিৰ ৰঞ্জন শইকীয়াৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিয়া নাপাতিলেও এহাল পুৰুষ-মহিলা একেলগে থাকিব পাৰে বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ আৰু পৰিকল্পনাবিদ আই এছ গুলাটিৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.