৩ বছৰীয়া শিশুৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল চাৰিচকীয়া বাহন

 

নেচনেল ডেস্ক :

হায়দৰাবাদৰ হায়াতনগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ পাৰ্কিঙত শুই থকা অৱস্থাত এটি তিনি বছৰীয়া শিশুৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল এখন চাৰিচকীয়া বাহন৷ ফলত থিতাতে নিহত হয় শিশুটি৷ হায়াতনগৰৰ শিক্ষক কলনিৰ এটা এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা৷ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী ৰৈ ৰয় CCTV কেমেৰাত৷ বাহনখন চলাই থকা সময়ত হৰি ৰাম কৃষ্ণ নামৰ চালকজনে শিশুটিক দেখা নোপোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা৷
নিহত শিশুটিৰ নাম লক্ষ্মী বুলি চিনাক্ত কৰা হৈছে৷ জানিব পৰা মতে ঘটনা সংঘটিত হোৱা এপাৰ্টমেণ্টটোৰ ওচৰৰে এটা নিৰ্মাণ ক্ষেত্ৰত কাম কৰিছিল শিশুটিৰ মাতৃয়ে৷ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সন্তানক পাৰ্কিঙত শুৱাই থৈছিল৷ কামৰ বাবেই নিহত শিশুটিৰ পৰিয়াল হাইদৰাবাদলৈ আহিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে৷।

You might also like
Leave A Reply

Your email address will not be published.