মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে “আয়ুষ্মান অসম–মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনা” আঁচনি!

প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ ব্যৱস্থা

নিউজ ডেস্ক:

ৰাজ্য চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মুকলি কৰে “আয়ুষ্মান অসম–মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনা” আঁচনি। সুলভ স্বাস্থ্যসেৱাৰ প্ৰসাৰৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি অনুষ্ঠানত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ তত্বাৱধানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত তালিকাভুক্ত পৰিয়াল সমূহ আয়ুষ্মান অসমৰ হিতাধিকাৰী হ’ব।ৰাজ্যৰ ভিতৰৰ ৩০০ খনতকৈও অধিক ইম্পেনেলেড চিকিৎসালয় আৰু সমগ্ৰ দেশৰ সকলো আয়ুষ্মান ভাৰত- ইম্পেনেলেড চিকিৎসালয়ত ১৫৭৮ টা স্বাস্থ্যসেৱাৰ পদ্ধতি অন্তৰ্ভুক্ত ‘আয়ুষ্মান অসম-মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনা’ই প্ৰথম অৱস্থাত প্ৰায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালক সামৰি ল’ব। পৰ্যায়ক্ৰমে ই বৃদ্ধি পাব ৩২ লাখ পৰিয়াললৈ।

আয়ুষ্মান অসমৰ দৈনন্দিন কাম-কাজৰ বাবে অটল অমৃত অভিযান ছ’চাইটি দায়বদ্ধ হ’ব। লগতে আয়ুষ্মান অসমে বৰ্তমানৰ স্বাস্থ্য ব্যৱস্থাৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ লক্ষ্য বাস্তৱায়িত কৰাত নিৰ্ণায়ক ভূহিকা ল’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.