মেট্ৰিকত উজলিল ৰাজ্যৰ ছাত্ৰ!

নিউজ ডেস্ক:

ঠাৎ ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গুৱাহাটীত ১৪৪ ধাৰাৰ মাজতে SEBAৰ ১০ টাকৈ ৱেবছাইটত ওলাল মেট্ৰিকৰ ফলাফল। ৫৯৬ নম্বৰ লাভেৰে শীৰ্ষস্থানত উজলিল ঢেকিয়াজুলীৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়া। শীৰ্ষ দহটা স্থানত জিলিকিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৬১ গৰাকীকৈ শিক্ষাৰ্থী।

চলিত বৰ্ষত অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা ৪ লাখ ১৫ হাজাৰ ৩২৩ গৰাকী। উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা ৩,০১,৮৮০ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ ৯৪,৯১৩ গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৫৭৩ গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ ৫৮,৩৯৪ গৰাকী। মুঠ উত্তীৰ্ণৰ হাৰ ৭২.৬৯%।

এইবেলি ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্নৰ হাৰ সন্তোষজনক। ৭২.৬৯ শতাংশ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্নৰ হাৰ হৈছে ৭৮.৭১ শতাংশ আৰু ছাত্ৰীৰ মুঠ উত্তীৰ্ণৰ হাৰ ৭০.৯৬ শতাংশ।

সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰেৰে মেট্ৰিকত ৰাজ্যৰ ভিতৰত শীৰ্ষত চিৰাং জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৮.৬৮ শতাংশ। আনহাতে ৫৯.৮০ উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত গোৱালপাৰা। ৮৮.৪০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত শিৱসাগৰ আৰু ৮৮.১২ শতাংশৰে তৃতীয় স্হান দখল ডিমাহাচাওৰ। গুৱাহাটী মহানগৰীত উত্তীৰ্ণৰ হাৰ ৭৭.১৮ শতাংশ। শীৰ্ষ ১০ স্থানত ৮ শিক্ষাৰ্থীৰ সাফল্যৰে সৰ্বাধিক স্থান দখলকাৰি জিলা নলবাৰী। ৮৮.০২ শতাংশৰে ৪ৰ্থ স্থানত নলবাৰী। ৮৪.১৯ শতাংশৰে ৫ম স্থানত বাক্সা, ৮১.৬৯ শতাংশৰে ৬ষ্ঠত বঙাইগাঁও, ৭৯.২০ শতাংশৰে ৭মত হাইলাকান্দি, ৭৯.০৮ শতাংশৰে ৮মত দৰং, ৭৮.৫৯ শতাংশৰে ৯ম স্থানত মাজুলী আৰু ৭৮.৩৫ শতাংশৰে দশম স্থানত আছে চৰাইদেউ।।

You might also like
Leave A Reply

Your email address will not be published.