মণিপুৰত আকৌ হিংসাৰ জুই!

নিউজ ডেস্ক :

শান্তজৰ্জৰ মণিপুৰত আকৌ হিংসাৰ জুই । মণিপুৰত পুনৰাবৃত্তি হৈছে হিংসাত্মক ঘটনাৰ। ৰাজধানী ইম্ফলৰ নিউ লাম্বুলেন অঞ্চলত অগ্নিসংযোগ। এক পৰিত্যক্ত অঞ্চলত কেইবাটাও ঘৰত অগ্নিসংযোগ।বেছিভাগ ঘৰেই বাঁহৰ বেৰ, টিনৰ চালিৰে গঢ়া জুপুৰি বুলি জানিব পৰা গৈছে। সম্প্ৰতি অঞ্চলটোত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱান মোতায়েন কৰা হৈছে । এজন বন্দুকধাৰী লোকে প্ৰথমে নিউ চেকন অঞ্চলৰ

একাংশ দোকানৰ মালিকক তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ ভাবুকি দিছিল । দোকানসমূহ বন্ধ কৰাৰ পিচতেই এই অগ্নিকাণ্ড সংঘটিত হয় ।এই ঘটনাৰ পিচতে এতিয়া ৰাজ্যখনত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা ২৬ মে’লৈ বৃদ্ধি কৰিছে স্থানীয় প্ৰশাসনে। ইতিমধ্যে এই অগ্নিসংযোগৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত কেইজনৰ এজন প্ৰাক্তন বিধায়ক আৰু তেওঁৰ দুজন সুৰক্ষা কৰ্মী বুলি জানিব পৰা গৈছে। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই । এই ঘটনাৰ পিচতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.