আজি ২৩ মে

▶️১৭০৩ চনৰ আজিৰ দিনটোতেই ছুইডিছ উদ্ভিদ বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ জন্ম হৈছিল।জীৱজগতৰ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়োৱা আৰু ‘দ্বি-ৰাশিক বা দ্বি-পদ নামকৰণ’ৰ সূচনা কৰাৰ বাবে লিনিয়াছ বিখ্যাত।
▶️১৭৮৫ চনৰ এই দিনটোতেই মাৰ্কিন ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ বাই-ফ’কেল চছমাৰ আৱিষ্কাৰ।এই দিনটোতেই ফ্ৰেংকলিনে তেওঁৰ আৱিষ্কাৰৰ কথা আনুষ্ঠানিক কৰিছিল।
▶️১৮১৮ চনৰ আজিৰ দিনটোতেই প্ৰথম বাংলা সাময়িক পত্ৰিকা ‘সমাচাৰ দৰ্পণ’ৰ প্ৰকাশ।
▶️১৮৪৮ চনৰ আজিৰ দিনটোতেই উৰাজাহাজৰ নিৰ্মাণ আৰু বিকাশৰ অন্যতম বাটকটীয়া অটো লিলিয়েনথালৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ নোবেল জয়ী সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ জন্ম হৈছিল। তেওঁ ১৯৫১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই নিউয়ৰ্কত প্ৰসিদ্ধ সংবাদ সংস্থা এছোচিয়েট প্ৰেছ প্ৰতিষ্ঠা।
▶️১৯০৬ চনৰ আজিৰ দিনটোতেই নৰৱেৰ নাট্যকাৰ হেনৰিক যোহান ইবছেনৰ ৭৮ বছৰ বয়সত মৃত্যু ঘটিছিল। ‘ঘোষ্টছ’, ‘এ ড’লছ হাউছ’ আদি তেওঁৰ প্ৰসিদ্ধ নাটক।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ দবা খেলুৱৈ আনাটোলি কাৰপ’ভৰ জন্ম হৈছিল। ১৯৭৫-১৯৮৫ চনত কাৰপ’ভ বিশ্ব চেম্পিয়ন আছিল।
▶️১৯৫৮ চনৰ আজিৰ দিনটোতেই মাও-চে-তুঙৰ প্ৰসিদ্ধ ‘গ্ৰেট লীপ ফৰৱাৰ্ড’ কৰ্মসূচী আৰম্ভ।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ এভাৰেষ্টত আৰোহন। এভাৰেষ্টত আৰোহন কৰা তেঁৱেই বিশ্বৰ প্ৰথম মহিলা।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই পূৰ্ণ আঘিটোক চাংমা সৰ্বসন্মতিক্ৰমে একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.