শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ!

শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৫ যুৱকৰ

নিউজ ডেস্ক :

শোণিতপুৰত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ যুৱকৰ।শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । AS 12 R 2115 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰাৰ ফলত বাহনখনত থকা পাচজনকৈ ব্যক্তি নিহত হয়।বাহনখন বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।নিহত কেইজন আকাশদ্বীপ বৰা (কাৱৈমাৰি),
ভাইকন পটঙ্গীয়া( বালিপুখুৰি) ,দ্বিপেন বৰা(গটঙা), বিদ্যুৎ নাথ (বেচেৰিয়া) আৰু বিশ্বজিত শইকীয়া ওৰফে লিকু (ৰঙাপুখুৰি পাৰ)।ঘটনাটোক কেন্দ্ৰ কৰি শোকস্তব্ধ সমগ্ৰ অঞ্চল।।

You might also like
Leave A Reply

Your email address will not be published.