সমাপ্ত হ’ল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ!

মুঠ ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমন

নিউজ ডেস্ক:

ন্ত পৰিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ৷ মুঠ ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰি অন্ত পৰিল উদ্যানখনৰ ২০২২-২৩ পৰ্যটন বৰ্ষ৷ সদ্য সমাপ্ত পৰ্যটন বৰ্ষত ৩ লাখ ৬ হাজাৰ ৮৭০ গৰাকী ভাৰতীয় আৰু ১০ হাজাৰ ৭৬৮ গৰাকী বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

সদ্য সমাপ্ত পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে ৭ কোটি ৫৪ লাখ ১৫ হাজাৰ ২৯৯ টকাৰ ৰাজহ। উল্লেখ্য যে বিগত বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী। তুলনামূলকভাৱে বিগত বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৩৬ লাখ ৩৫ হাজাৰ ৬৯০ টকা৷ বিগত পৰ্যটন বৰ্ষতকৈ চলিত বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৯ হাজাৰ বৃদ্ধি হোৱা বুলি এক সংবাদমেলযোগে জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই। কেৱল ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতে নহয় সদ্য সমাপ্ত বৰ্ষটোত পৰ্যটন ক্ষেত্ৰখনৰ সৈতে জড়িত পৰিবহন, ৰিজৰ্টকে আদিকে ধৰি আনুসাংগিক সকলো দিশতে লাভাম্বিত হোৱাৰ কথা স্বীকাৰ কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.