ছাত্ৰাবাসত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড!

অগ্নিকাণ্ডত মৃত্যু হয় ১৯ গৰাকী শিক্ষাৰ্থীৰ

ইণ্টাৰনেচনেল ডেস্ক:

ক্ষিণ আমেৰিকাৰ গায়ানাত এখন মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰাবাসত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। গায়ানাৰ পটাৰো-চিপাৰুনি জিলাৰ মাহদিয়াত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত মৃত্যু হয় ১৯ গৰাকী শিক্ষাৰ্থীৰ। ঘটনাস্থলীত ১৪ শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্যু হয় আন ৫ শিক্ষাৰ্থীৰ। আনহাতে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে আন ছয়জনক বিমানযোগে ৰাজধানী জৰ্জটাউনলৈ প্ৰেৰণ কৰা হয়। কিছু সংখ্যক শিক্ষাৰ্থীক স্থানীয় চিকিৎসালয়তো ভৰ্তি কৰোৱা হয়। প্ৰায় ২০ গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰা হয় বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.