শ্ৰীনগৰত G-20 বৈঠক!

নিউজ ডেস্ক :

সোমবাৰৰ পৰা আৰম্ভ হয় জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত G-20 পৰ্যটন কৰ্মগোটৰ বৈঠক । আজি তিনিদিনীয়া বৈঠকৰ দ্বিতীয় দিন। পৰ্যটন সম্পৰ্কীয় কৰ্মগোটৰ তৃতীয়খন বৈঠকৰ বাবে চীনৰ বাহিৰে শ্ৰীনগৰত উপস্থিত হয় জি-২০ দেশৰ সকলো প্ৰতিনিধি দেশ।

তিনিদিনীয়া এই কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা । শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰ (এছ কে আই চি চি)কে ধৰি আন কেইবাটাও স্থানত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী, মেৰিন কমাণ্ডো, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। প্ৰতিনিধিসকলে সভাত অংশগ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰা পথ আৰু বিমানবন্দৰ সংযোগী পথসমূহত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা হাতত লৈছে ।

উল্লেখযোগ্য যে,২০১৯ চনৰ আগষ্ট মাহত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা এইখনেই প্ৰথম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান।

You might also like
Leave A Reply

Your email address will not be published.