UPSCৰ ইতিহাসত অসমৰ এইপৰ্যন্ত সৰ্বোত্তম প্ৰাপ্তি!

নিউজ ডেক্স:

UPSCত অসম সন্তানৰ বিৰল সাফল্য। সৰ্বভাৰতীয় তালিকাত পঞ্চম স্থানত উজলিল অসমৰ ময়ুৰ হাজৰিকা। মাজগাঁৱৰ শইকীয়া চুবুৰীৰ কৃষ্ণ হাজৰিকাৰ পুত্ৰ ময়ুৰ হাজৰিকা।উল্লেখযোগ্য যে বৰ্তমানে নগাঁৱত চিকিৎসক ৰূপে কৰ্মৰত ময়ূৰে ২০১৩ চনত মেট্ৰিকত দশম আৰু ২০১৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নৱম স্থান লাভ কৰিছিল।
আজি ঘোষিত UPSCৰ ফলাফলত ২৯৮ সংখ্যক স্থানত অসমৰে আন এজন ছাত্ৰ মহম্মদ ইদুল আহমেদ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসমৰ পৰা UPSCত সৰ্বোত্তম প্ৰদৰ্শন ৰূপে অষ্টম স্থান লাভ কৰিছিল অৱসৰপ্ৰাপ্ত IAS ৰাজীৱ বৰাই।। আনহাতে,আজি ঘোষিত UPSCৰ ফলাফলত শীৰ্ষ চাৰিওওটা স্থানতেই ছাত্ৰীৰ আধিপত্য। শীৰ্ষ স্থানত ঈশিতা কিশোৰ, দ্বিতীয় স্থানত গৰিমা লোহিয়া, তৃতীয় স্থানত উমা সাৰথি এন আৰু চতুৰ্থ স্থানত জিলিকিল স্মৃতি মিশ্ৰা।।

You might also like
Leave A Reply

Your email address will not be published.