সেনাৰ এনকাউণ্টাৰত নিহত চাৰিটা সন্ত্ৰাসবাদী!

নেচনেল ডেস্ক:

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ সফল অভিযান। শোপিয়ানত সংঘটিত হোৱা দুটা পৃথক এনকাউণ্টাৰত নিহত হয় চাৰিটা স্থানীয় সন্ত্ৰাসবাদী। বুধবাৰে পুৱা এই বিষয়ে সদৰি কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। মঙলবাৰে সন্ধিয়া শ্বোপিয়ানৰ ড্ৰাচ অঞ্চলত সংঘটিত হোৱা প্ৰথমটো এনকাউণ্টাৰত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে জড়িত তিনিটা স্থানীয় সন্ত্ৰাসবাদী নিহত হয়। আনহাতে, বুধবাৰে পুৱাৰ ভাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা দ্বিতীয়টো এনকাউণ্টাৰত মুলু অঞ্চলত নিহত হয় নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ আন এটা স্থানীয় সন্ত্ৰাসবাদী । ড্ৰাচ এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী হানান বিন ইয়াকুব আৰু জামছেদ বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.