ৰাজস্থানৰ আজমেৰত মূৰ্তি বিসৰ্জনৰ সময়ত শোকাৱহ ঘটনা!

নেচনেল ডেস্ক:

ৰাজস্থানৰ আজমেৰত মূৰ্তি বিসৰ্জনৰ সময়ত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। আজমেৰৰ নাছিৰাবাদৰ সমীপৰ নন্দলা গাঁৱৰ সমীপৰ পুখুৰীত সলিল সমাধি ঘটে পাঁচ জনকৈ লোকৰ। জানিব পৰা মতে, দূৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ পানীত ডুবি মৃত্যু হয় লোক কেইজনৰ। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে পানীৰ পৰা লোক কেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই কৰুণ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে। মৃতকৰ নিকটতম আত্মীয়লৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে জিলা প্ৰশাসনে।।

You might also like
Leave A Reply

Your email address will not be published.