আজি ৫ অক্টোবৰ

➡️১০৫৬ চনৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ মৃত্যু হৈছিল ।
➡️১৬৭৬ চনৰ ৫ অক্টোবৰত ইংলেণ্ডৰ ৰজাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ধাতুৰ মুদ্ৰা প্ৰস্তুত কৰাৰ বাবে টাকশাল স্থাপনৰ অনুমতি লাভ কৰিছিল । সেই অনুসৰি বোম্বাইত(মুম্বাই) প্ৰথম টাকশাল স্থাপন কৰা হৈছিল আৰু প্ৰথম মুদ্ৰা প্ৰস্তুত কৰা হৈছিল ১৬৭৮ চনত।
➡️ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ দিদেৰোৰ জন্ম হৈছিল ১৭১৩ চনৰ আজিৰ দিনটোতে। এওঁৰ সম্পাদনাতে ১৭৫১ চনত প্ৰকাশ হৈছিল বিশ্বৰ প্ৰথমখন আধুনিক বিশ্বকোষ ‘এনচাইক্লোপেডীয়া’।
➡️১৮৬৪ চনৰ ৫ অক্টোবৰত চলচ্চিত্ৰৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম হৈছিল। ককায়েক আগষ্ট লুমিয়েৰৰ সৈতে লগ লাগি তেওঁ ১৮৯৫ চনত চিনেমা প্ৰদৰ্শন কৰা এটা নতুন আৰু উন্নত যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ সাজি উলিয়াইছিল ।
➡️১৯৩৯ চনৰ আজিৰ দিনটোতে ৰৰ্বাট নিল ৰেইড অসমৰ ৰাজ্যপাল হৈছিল । ১৯৪২ চনৰ ৩ মে’লৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
➡️লণ্ডনত বসবাস কৰা ভাৰতীয় ঔপন্যাসিক ছলমান ৰুশ্বদীৰ ‘ছাটানিক ভাৰ্ছেছ’ গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল ১৯৮৮ চনৰ ৫ অক্টোবৰত।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ৰূপে ফাতেমা বিবিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
➡️১৯৯০ চনৰ ৫ অক্টোবৰত সংযুক্ত জাৰ্মানীৰ সংসদৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।
➡️২০০৪ চনৰ ৫ অক্টোবৰত বগৰীবাৰীৰ জালবিল বজাৰত এন ডি এফ বিৰ গুলীত ১০জনৰ মৃত্যু হৈছিল।
➡️ফ্ৰেংক উইলজেক, ডেভিদ জে গ্ৰেছ, ডেভিদ প’লিটজাৰলৈ পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ২০০৪ চনৰ ৫ অক্টোবৰত।
➡️২০০৫ চনৰ আজিৰ দিনটোতে অসমৰ ডিকমৰ তেলখাদত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডৰ অন্ত পৰিছিল।১৫ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জ্বলি অইল ইণ্ডিয়াৰ প্ৰায় ১০০ কোটি টকা লোকচান হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.