এটা আই এছ আই সমৰ্থিত নাৰ্কো-টেৰ’ৰ মডিউল! গ্ৰেপ্তাৰ

নেচনেল ডেস্ক:

পঞ্জাৱ আৰক্ষীৰ বৃহৎ সফলতা। পঞ্জাৱ গ্ৰাম্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা আই এছ আই সমৰ্থিত নাৰ্কো-টেৰ’ৰ মডিউল। ধৃত যোগৰাজ ওৰফে যোগ নামৰ সন্ত্ৰাসবাদীটো সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ-অস্ত্ৰ-আইইডিৰ চোৰাং ব্যৱসায়ত জড়িত আছিল। কানাডাৰ লাণ্ডা আৰু পাকিস্তানস্থিত ৰিণ্ডা নামৰ লোক দুজনে পৰিচালনা কৰিছিল এই চোৰাং ব্যৱসায়।

আৰক্ষীয়ে ধৃত যোগৰাজৰ পৰা আৰডিএক্স ভৰ্তি টিফিন বক্স, দুটা অত্যাধুনিক এ কে-৫৬ এছাল্ট ৰাইফল, দুটা মেগজিন, ৩০টা সজীৱ কাৰ্টিজ, ৬টা লাইভ কাৰ্টিজৰ সৈতে এটা .৩০ ব’ৰ পিষ্টল আৰু ২ কেজি হেৰ’ইন জব্দ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.