উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন!

নেচনেল ডেস্ক:

উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন। দ্ৰৌপদীৰ ডাণ্ডা-২ পৰ্বতৰ শৃংগত হিমস্খলনৰ ফলত প্ৰায় ২৮ জন লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। খৱৰটো টুইট যোগে সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। জানিব পৰা মতে হিমস্খলনত আৱদ্ধ আটাইকেইজন উত্তৰ কাশীৰ নেহৰু মাউণ্টেনিং ইনষ্টিটিউটৰ প্রশিক্ষাৰ্থী৷ আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত সাহায্য অভিযান চলি আছে।।

You might also like
Leave A Reply

Your email address will not be published.