হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাছ এখন খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।যোৱা নিশা প্ৰায় ৮.৩০ বজাত কুল্লুৰ বঞ্জাৰ উপত্যকাৰ ঘিয়াগী অঞ্চলৰ ৩০৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী। আনহাতে গুৰুতৰভাৱে আহত হয় ১০ গৰাকী ছাত্ৰ-ছাত্ৰী । আহত ছাত্ৰ-ছাত্ৰী সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।।
![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)