পাকিস্তানত ভয়ংকৰ সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনা!

পাকিস্তানত ভয়ংকৰ সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত দুজন মেজৰকে ধৰি ৬ জন পাকিস্তানী সেনা বিষয়া নিহত। খৱৰটো সদৰি কৰে পাকিস্তানৰ আই এচ আইয়ে। সোমবাৰে দেশখনৰ বেলুচিস্তানৰ হাৰনাইৰ খোষ্টৰ ওচৰত উৰণ অভিযানৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰ খন। দুৰ্ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাত নিহত হোৱা বিষয়া দুজন হৈছে আটকৰ মেজৰ খুৰম শ্বাহজাদ আৰু ৰাৱালপিণ্ডিৰ মেজৰ মহম্মদ মুনীব আফজল । দুৰ্ঘটনাত নিহত আন সৈন্যসকল চুবেদাৰ আব্দুল ৱাহিদ, চিপাহী মহম্মদ ইমৰাণ, নাইক জলিল, আৰু চিপাহী শ্বোৱাইব বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.