অত্যাচাৰী স্বামীৰ যৌনাংগ কাটি নৃশংস হত্যা!!

চাৰি পত্নীয়ে সংগ এৰা স্বামীক পঞ্চম পত্নীয়ে মাৰিয়েই পেলালে!

নেচনেল ডেস্ক:

ধ্যপ্ৰদেশৰ চিঙৰৌলীত নৃশংস হত্যাকাণ্ড। স্বামীক অতি নিশংসভাৱে হত্যা কৰে নিজ পত্নীয়ে। বীৰেন্দৰ গুৰজাৰ নামৰ লোকজনক অতি নৃশংসভাৱে হত্যা কৰে পত্নী কাঞ্চন গুৰজাৰে। ২১ ফেব্ৰুৱাৰীত মৃতদেহ উদ্ধাৰ হৈছিল বীৰেন্দৰ গুৰজাৰৰ মৃতদেহ। মৃতদেহৰ ডিঙি আৰু যৌনাংগত আঘাতৰ চিন থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

কোতৱালি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ পাণ্ডেয়ে জনোৱা মতে বীৰেন্দৰ গুৰজাৰৰ পত্নী কাঞ্চনে তেওঁৰ স্বামীক হত্যা কৰাৰ অভিযোগেৰে থানাত দাখিল কৰিছিল এজাহাৰ। আৰু তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বীৰেন্দৰ গুৰজাৰৰ কেইবাজনো ঘনিষ্ঠ আত্মীয়কে ধৰি সন্দেহযুক্ত সকলোকে সোধপোচ কৰে। আৰক্ষীৰ তদন্তৰ আওঁতাত সোমাই পৰে বীৰেন্দৰ গুৰজাৰৰ পত্নী কাঞ্চন।

আৰক্ষীয়ে কাঞ্চনক জিম্মাত লৈ কঠোৰভাৱে জেৰা চলোৱাৰ অন্তত পোহৰলৈ আহে নৃশংস হত্যাকাণ্ডৰ ঘটনা। কাঞ্চনে আৰক্ষীক দিয়া বিৱৰণী অনুসৰি ২১ ফেব্ৰুৱাৰীৰ নিশা তেওঁ স্বামীৰ খাদ্যত ২০ টাকৈ টোপনিৰ বড়ি মিহলাইছিল। সেই খাদ্য খাই অসুস্থ হৈ পৰা স্বামীক প্ৰথমে কুঠাৰেৰে কেইবাবাৰো আক্ৰমণ কৰাৰ পিছত চোকা অস্ত্ৰৰে যৌনাংগ কাটি হত্যা কৰাৰ কথা স্বীকাৰ কৰে কাঞ্চনে। হত্যাকাণ্ড সংঘটিত কৰি কাঞ্চনে স্বামীৰ মৃতদেহটো কাপোৰেৰে মেৰিয়াই ৰাস্তাৰ কাষত পেলাই দিয়ে। কেৱল এয়াই নহয়, স্বামীহন্তা কাঞ্চনে প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে জ্বলাই দিয়ে বীৰেন্দেৰ গুলজাৰৰ সকলো কাপোৰ।

বীৰেন্দেৰ গুলজাৰে ড্ৰাগছ আৰু অত্যাধিক সুৰাপান কৰি কাঞ্চনৰ ওপৰত চলোৱা অত্যাচাৰ সহিব নোৱাৰিয়েই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে।

 

আৰক্ষীৰ তথ্য অনুসৰি কাঞ্চন গুৰজাৰ মৃত বীৰেন্দ্ৰ গুৰজাৰৰ পঞ্চম পত্নী। ইয়াৰ পূৰ্বেও বীৰেন্দ্ৰই হাৰাশাস্তি কৰাৰ বাবেই চাৰিগৰাকী পত্নীয়ে তেওঁক এৰি থৈ গৈছিল। ইতিমধ্যে হত্যাকাৰী কাঞ্চনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.