মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো শপত গ্ৰহণৰ সম্ভাৱনা কনৰাড চাংমাৰ!

মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণৰ সম্ভাৱনা কনৰাড চাংমাৰ। ৬০ জনীয়া বিধানসভাত তেওঁৰ পক্ষত ৩২ জন!

নৰ্থ-ইষ্ট ডেস্ক:

ঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণৰ সম্ভাৱনা কনৰাড চাংমাৰ। ৬০ জনীয়া বিধানসভাত তেওঁৰ পক্ষত ৩২ জন বিধায়কৰে সংখ্যাগৰিষ্ঠতা থকা বুলি দাবী কৰিছে যদিও সমৰ্থক দলৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰে চাংমাই।

শুকুৰবাৰে নেচনেল পিপলছ পাৰ্টিৰ মুৰব্বীগৰাকীয়ে ৰাজ্যপাল ফাগু চৌহানক পদত্যাগ পত্ৰ দাখিল কৰি ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ চেষ্টা অব্যাহত ৰাখিব।

২৭ ফেব্ৰুৱাৰীত ভোটদান হৈ যোৱা ৫৯টা সমষ্টিৰ ভিতৰত ২৬খন আসনত জয়লাভ কৰি বৃহস্পতিবাৰে ঘোষিত ফলাফলত মেঘালয়ৰ একক সংখ্যাগৰিষ্ঠ দল হিচাপে সাব্যস্ত হয় এন পি পি। উল্লেখযোগ্য যে,বিগত কাৰ্যকালৰ চৰকাৰখনত এন পি পিৰ মিত্ৰ দল ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিয়ে এইবেলি ১১টা সমষ্টিত জয়লাভ কৰি দ্বিতীয় বৃহত্তম দল হিচাপে পৰিগণিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.