বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান।
পুৱতি নিশা ৪ :৪০ বজাত GMCHত শেষ নিশ্বাস ত্যাগ।
‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ বয়স হৈছিল ৮৭ বছৰ।
বিগত প্ৰায় ১০ দিন ধৰি GMCHত চিকিৎসাধীন আছিল সাহিত্যিক গৰাকী।
গল্পকাৰ, উপন্যাসিক, অনুবাদক গোস্বামীৰ জন্ম হৈছিল ১৯৩৫ চনত।
‘চেনেহ জৰীৰ গাঁথি’ উপন্যাসৰ বাবে ২০০৬ চনত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা।
গোস্বামীৰ আন এখন কালজয়ী উপন্যাস ‘নামঘৰীয়া’।
এই উপন্যাসৰ বাবে লাভ কৰিছিল অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, কুমাৰ কিশোৰ বঁটা।
২০১৩ত সাহিত্যিক গৰাকীয়ে লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা।
‘বলিয়া হাতী’ গল্পৰ বাবে ১৯৯২ত লাভ কৰিছিল ‘কথা’ বঁটা।
অনুবাদক হিচাপেও প্ৰসিদ্ধি লাভ কৰিছিল অতুলানন্দ গোস্বামীয়ে
‘গুডবাই মিঃ চিপছ’, ‘পিতা-পুত্ৰ’ গোস্বামীৰ অনুদিত গ্ৰন্থ।
গোস্বামীৰ মৃত্যুত শোকস্তদ্ধ ৰাজ্যৰ বৌদ্ধিক মহল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অন্তিম শয়নত ‘নামঘৰীয়া’ৰ স্ৰষ্টা!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like