আজিৰ পৰা সংসদৰ শীতকালিন অধিবেশন

আজিৰ পৰা আৰম্ভ সংসদৰ শীতকালিন অধিবেশন।অধিবেশনৰ আগদিনা অনুষ্ঠিত সৰ্বদলীয় বৈঠকত লক্ষনীয় ভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপস্থিতিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিৰোধী শিবিৰত। সৰ্বদলীয় বৈঠকত ৩১ টা দলৰ সাংসদ সকল উপস্থিত থাকে।অবশ্যে আলোচনা কালত কৃষকৰ ফচলৰ ন্যুনতম সমৰ্থন মূল্য সন্দৰ্ভত বক্তব্য ডাঙি ধৰাত ব্যৰ্থ হৈ সৰ্বদলীয় বৈঠক ত্যাগ কৰে ‘আপ’ৰ সাংসদ সঞ্জয় সিঙে। উল্লেখযোগ্য যে কাইলৈ অধিবেশনৰ আৰম্ভনিতে ৩ কৃষি আইন বাতিলকৰনক লৈ প্ৰস্তুত কৰা বিধেয়ক লোকসভাত দাখিল কৰিব কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।ইফালে সংসদৰ শীতকালিন অধিবেশনৰ আৰম্ভনিৰ দিনাৰ পৰাই কৃষক সকলে আৰম্ভ কৰিব লগীয়া ট্ৰেক্টৰ সমদল অহা ৪ ডিচেম্বৰলৈ স্থগিত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.