আজি নৱম আন্তজাৰ্তিক যোগ দিৱস!

প্ৰথমবাৰৰ বাবে নিউয়ৰ্কত প্ৰধানমন্ত্ৰীৰ যোগ কাৰ্যসূচী

নিউজ ডেস্ক:

জি নৱম আন্তজাৰ্তিক যোগ দিৱস। ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো বাৰ্ষিক যোগ দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে ২০১৫ চনৰ পৰা এই দিনটোক আন্তজাৰ্তিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিশেষ গুৰুত্ব থকাৰ বাবেই এই পৰামৰ্শ দিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে। সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো যোগ দিৱস উপলক্ষে অনুষ্ঠিত হৈছে যোগাসন। এখন পৃথিৱী, এটা পৰিয়াল থীমেৰে আয়োজন কৰা হৈছে চলিত বৰ্ষৰ যোগ দিৱস। পুৱাই ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে বিদেশত যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল’ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগ দিৱসৰ নেতৃত্ব দিব প্ৰধান মন্ত্ৰীয়ে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত নিউয়ৰ্কত আৰম্ভ হ’ব যোগ দিৱসৰ কাৰ্যসূচী।।

You might also like
Leave A Reply

Your email address will not be published.