আজি ২১ জুন

▶️আজি বছৰৰ আটাইতকৈ দীঘলীয়া দিন।
▶️আজি বিশ্ব সংগীত দিৱস!
▶️আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
▶️১৭৫৬ চনৰ আজিৰ দিনটোতেই বৃটিছ সেনাৰ কমাণ্ডাৰ হলৱেলৰ ছিৰাজোদ্দৌল্লাৰ ওচৰত আত্মসমৰ্পণ। সেইদিনাই ৰাতি ১২৩ জন বৃটিছ যুদ্ধবন্দী অন্ধকূপত নিহত হয়।
▶️১৯০৫ চনৰ এই দিনটোতেই ফৰাচী লেখক, দাৰ্শনিক জাঁ পল ছাত্ৰেৰ জন্ম। ১৯৬৪ চনত তেঁওলৈ নোবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেঁও প্ৰত্যাখ্যান কৰিছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰূপে কাৰ্যভাৰ গ্ৰহণ। তেঁও আছিল প্ৰথম তথা একমাত্ৰ ভাৰতীয় গৱৰ্ণৰ জেনেৰেল।
▶️১৯৯০ চনৰ এই দিনটোতেই ইৰানত প্ৰৱল ভূমিকম্পত ৪০ হাজাৰ লোকৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই বাৰ্লিনক সংযুক্ত জাৰ্মানীৰ নতুন ৰাজধানীৰূপে ঘোষণা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ নৱম প্ৰধানমন্ত্ৰীৰূপে পি ভি নৰসিংহ ৰাওৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৯৬ চনৰ ২৬ মে’লৈকে তেঁও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ, সাংসদ পৰাগধৰ চলিহাৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই এংগোলাৰ পৰা দৃশ্যমান হৈছিল নতুন সহস্ৰাব্দৰ প্ৰথমটো সূৰ্যগ্ৰহণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত অনলাইন চাহ নিলাম আৰম্ভ।।

 

You might also like
Leave A Reply

Your email address will not be published.