অসমত বানৰ সংহাৰী ৰূপ!

১৯ খন জিলাত ৩৪ হাজাৰৰো অধিক লোক বানাক্ৰান্ত

নিউজ ডেস্ক:

সমত বানৰ সংহাৰী ৰূপ। ৰাজ্যত বানৰ অপৰিবৰ্তিত অৱস্থা। ১৯ খন জিলাত ৩৪ হাজাৰৰো অধিক লোক বানাক্ৰান্ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বাকছা, বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, হোজাই, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, উদালগুৰি জিলাসমূহ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে বানপানীত। তথ্য মতে, বানত লখিমপুৰ জিলা এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা হিচাপে পৰিগনিত হৈছে। বৰ্তমান ১৯খন জিলাৰ প্ৰায় ৩৪,০৮৯ গৰাকী লোক বানাক্ৰান্ত। ইয়াৰে ভিতৰত ১৪,৯৭৩ গৰাকী মহিলা আৰু ৩,৬৪৬টি শিশু। যোৰহাট, কামৰূপ (মেট্ৰ’), কোকৰাঝাৰ, নলবাৰী জিলাৰ বিভিন্ন অঞ্চলসমূহো জলমগ্ন বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ সূত্ৰে প্ৰকাশ।

অসমৰ ১৭খন জিলাৰ ৫২৩খন গাঁও প্লাবিত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ৫৮৪২.৭৮ হেক্টৰ কৃষিভূমি।বিগত ২৪ ঘণ্টাত বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫২,২৭৬টা পশুধন । অবশ্যে এদিন পূৰ্বে এই সংখ্যা আছিল প্ৰায় ৮৪,৭১১।

ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক দুটা দিনত অসমত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.