আজি ১০ জানুৱাৰী

➡️আজিৰ দিনটো বিশ্ব হাস্য দিৱস।
➡️১৬১৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ টমাছ ৰো আজমীৰত জাহাংগীৰৰ দৰবাৰত উপস্থিত হৈছিল। দ্বিপাক্ষিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে ৰো ভাৰতলৈ আহিছিল।
➡️১৬৯৩ চনৰ ১০ জানুৱাৰী তাৰিখে কলকাতা চহৰৰ প্ৰতিষ্ঠাপক জোব চাৰ্নকৰ মৃত্য হৈছিল।
➡️১৮১৮ চনৰ আজিৰ দিনটোতে ৰামপুৰাত ব্ৰিটিছ আৰু মাৰাঠাৰ তৃতীয় তথা শেষ যুদ্ধ হৈছিল। এই যুদ্ধৰ পাছত মাৰাঠা সেনাই ছত্ৰভংগ দিয়ে।
➡️১৮৪০ চনৰ ১০ জানুৱাৰী তাৰিখে বিশ্বৰ প্ৰথমটো ডাকটিকট ‘পেনী ব্লেক’ৰ প্ৰৱৰ্তন, ব্ৰিটেইনত। এই বছৰৰ ৬ মে’ৰ পৰা ডাকটিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয়।
➡️১৮৬২ চনৰ এই দিনটোতে ৰিভলভাৰৰ আৱিষ্কাৰক ছেমুৱেল কোল্টৰ মৃত্যু হৈাছিল।
➡️১৮৯৬ চনৰ ১০ জানুৱাৰী তাৰিখে অসমত প্ৰবল ভূমিকম্প। বৰাক নদীৰ দুয়োপাৰ ১৫ ফুট পৰ্যন্ত গভীৰ পানীত বুৰ যায়।
➡️১৯২০ চনৰ আজিৰ দিনটোতে জেনেভাত জাতিসংঘৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে পি এল অ’ৰ কাৰ্যকৰী সভাপতি মেহমুদ আব্বাছ য়াছেৰ আৰাফটৰ উত্তৰসুৰি ৰূপে নিৰ্বাচিত হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে মৃণাল সেনলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.