আজি ১০ ডিচেম্বৰ

➡️আজি মানৱ অধিকাৰ দিৱস।
➡️আজি শক্তি সংৰক্ষণ দিৱস।
➡️ আজিৰ দিনটোতে শ্বহীদ দিৱস অসমত পালন কৰা হয়।
➡️১৮৩৫ চনৰ আজিৰ দিনটোতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
➡️১৮৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
➡️১৮৯১ চনৰ আজিৰ দিনটোতে ছুইডেনৰ মহিলা কবি আৰু নট্যকাৰ নেলী ছাখছৰ জন্ম হৈছিল। ১৯৬৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৮৯৬ চনৰ ১০ ডিচেম্বৰত ছুইডেনৰ ৰসায়ন-বিজ্ঞানী আলফ্ৰেড নোবেলৰ মৃত্যু হৈছিল।
➡️১৯৭৯ চনৰ আজিৰ দিনটোতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ অপসাৰিত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক দেশৰ পৰা নিৰ্বাসন দিয়া হৈছিল।
➡️২০০১ চনৰ ১০ ডিচেম্বৰ তাৰিখে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবাদ পুৰুষ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী শিল্পী অশোক কুমাৰৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ৪৩৬ টা উইকেট দখল কৰি অনিল কুম্বলে ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ আন ছজন মহাকাশচাৰীসহ মহাকাশলৈ যাত্ৰা আৰম্ভ।।

You might also like
Leave A Reply

Your email address will not be published.