আজি ১০ নৱেম্বৰ

▶️১৪৮৩ চনৰ আজিৰ দিনটোতেই সংস্কাৰবাদী আন্দোলনৰ নেতা,ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হৈছিল।
▶️১৬৯৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ উইলিয়াম হগাৰ্থৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ এই দিনটোতেই মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা কামাল পাছাৰ মৃত্যু।
▶️১৯৮৯ চনৰ এই দিনটোতেই বাৰ্লিন ৱাল ধ্বংস। পূব-পশ্চিম জাৰ্মানীৰ পুনৰ্মিলনৰ প্ৰথম ঢাপ।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী ৰূপে চন্দ্ৰশেখৰৰ শপতগ্ৰহণ আৰু কেন্দ্ৰত এখন সংখ্যালঘু চৰকাৰ গঠন।
▶️১৯৮২ চনৰ এই দিনটোতেই পৃথিৱীৰ আকাশত দৃশ্যমান হৈছিল হেলীৰ ধুমকেতু।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটৰ মৃত্যু।
▶️১৯৭০ চনৰ এই দিনটোতেই ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযান চন্দ্ৰ অভিমুখে উৎক্ষেপণ। এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখোদ-১ স্থাপন কৰে।
▶️১৬৫৯ চনৰ আজিৰ দিনটোতেই বিচক্ষণ সেনাপতি আফজল খাঁ শিৱাজীৰ এজন অনুচৰৰ হাতত প্ৰতাপগড় দুৰ্গৰ কাষত নিহত হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান লিঅ’নিড ব্ৰেজনেভৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা ২১ বছৰৰ নিৰ্বাসনৰ অন্তত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ ভাৰতত প্ৰথমবাৰৰ বাবে খেলত অংশগ্ৰহণ। ক্লাইভ ৰাইচৰ নেতৃত্বত অহা দলটো ভাৰতৰ হাতত ৩ উইকেটত পৰাস্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.