আজি ১০ মে’

➡️এই দিনটো ইজৰাইলৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৫২৬ চনৰ আজিৰ দিনটোতে পাণিপথৰ প্ৰথম যুদ্ধত জয়লাভ কৰি তৎকালীন ভাৰতৰ ৰাজধানী আগ্ৰাত বাবৰৰ প্ৰৱেশ।
➡️১৭৭৫ চনৰ ১০ মে’ তাৰিখে আমেৰিকাৰ ইংৰাজ উপনিৱেশবোৰৰ এক প্ৰতিনিধিত্বমূলক সংস্থা কণ্টিনেণ্টেল কংগ্ৰেছৰ দ্বিতীয় সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনতে জৰ্জ ৱাশ্বিংটনক কণ্টিনেণ্টেল কংগ্ৰেছৰ নেতা ঘোষণা কৰা হয়।
➡️১৮২৯ চনৰ এই দিনটোতে ইংৰাজ পদাৰ্থ-বিজ্ঞানী, চিকিৎসক আৰু মিছৰবিদ টমাছ ইয়ঙৰ মৃত্যু হৈছিল। পোহৰ যে প্ৰকৃততে তৰংগহে, সেই কথা ইয়ঙেই আৱিষ্কাৰ কৰিছিল।
➡️১৯০৮ চনৰ আজিৰ দিনটোতে ফিলাডেলফিয়াত প্ৰথম মাতৃ দিৱস উদযাপন কৰা হৈছিল।
➡️১৯৭৮ চনৰ ১০ মে’ তাৰিখে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাৰ মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ এই দিনটোতে মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্…

 

You might also like
Leave A Reply

Your email address will not be published.