আজি ১১ জুলাই

➡️আজিৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১২৭৪ চনৰ ১১ জুলাই তাৰিখে স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰুছৰ জন্ম হৈছিল।
➡️১৬৫৭ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা ফ্ৰেডৰিক দি গ্ৰেটৰ জন্ম হৈছিল।
➡️১৯১৬ চনৰ এই দিনটোতে প্ৰখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিছ প্ৰখোৰভৰ অষ্ট্ৰেলিয়াত জন্ম হৈছিল। ১৯৬৪ চনত তেওঁ লাভ কৰে পদাৰ্থবিদ্যাৰ নোবেল বঁটা।
➡️১৯৭৪ চনৰ ১১ জুলাই তাৰিখে ছুইডেনৰ সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু হৈছিল। ১৯৫১ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ব্ৰিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ এই দিনটোতে মক্কাৰ পৰা হজ কৰি ওভতাৰ বাটত নাইজেৰিয়াৰ ২৫০ জন হজযাত্ৰী আৰু ১৪ জন বিমান কৰ্মীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.