▶️১৬২১ চনৰ আজিৰ দিনটোতেই নৱম শিখ গুৰু টেগ বাহাদুৰৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই ৰাওলাট আইনৰ প্ৰতিবাদত লাহোৰ,মুম্বাই(বোম্বাই),কলকাতা আৰু অমৃতসৰত বিক্ষোভ।বিভিন্ন ঠাইত পুলিচ-জনতাৰ সংঘৰ্ষ।
▶️১৯৩৬ চনৰ এই দিনটোতেই লক্ষ্ণৌত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। এই অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে।
▶️১৯৪৫ চনৰ এই দিনটোতেই মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ মৃত্যু হৈছিল।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই ভস্তক’ নামৰ মহাকাশযানেৰে ইউৰি গাগাৰিণৰ মহাকাশ যাত্ৰা।গাগাৰিণেই মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ইণ্ডোনেছিয়াত যাত্ৰীবাহী বিমান ভূপতিত হৈ শতাধিক যাত্ৰীৰ মৃত্যু।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ জীৱনজোৰা সাধনাৰ বঁটা।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই কানাড়া চলচ্চিত্ৰ অভিনেতা ৰাজ কুমাৰৰ মৃত্যু।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ অগ্নি-৩ৰ সফল পৰীক্ষণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১২ এপ্ৰিল
Prev Post
Next Post
You might also like