আজি ১২ জুলাই

➡️আজিৰ দিনটো কিৰিবাটিৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮২৩ চনৰ এই দিনটোতে ভাৰতত নিৰ্মিত প্ৰথম বাষ্পচালিত জাহাজ ‘ডাইনা’ৰ কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ হৈছিল।
➡️১৮৬৩ চনৰ ১২ জুলাই তাৰিখে যক্ষ্মা ৰোগৰ বি চি জিৰ অন্যতম আৱিষ্কাৰক এলবাৰ্ট কামেটৰ ফ্ৰান্সত জন্ম হৈছিল।
➡️১৯০৪ চনৰ আজিৰ দিনটোতে কবি পাবলো নেৰুডাৰ (প্ৰকৃত নাম কেফতালি ৰিকাৰ্ডো ৰেইন বাছোৱালটো) জন্ম হৈছিল। ১৯৭১ চনত নেৰুডাই লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ সন্মান প্ৰদান কৰা হৈছিল।
➡️১৯৯৯ চনৰ ১২ জুলাই তাৰিখে হিন্দী ছবিৰ বিশিষ্ট অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে অসমত প্ৰৱৰ্তিত বিতৰ্কিত আই এম ডি টি আইন বাতিল কৰা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.