আজি ১২ ডিচেম্বৰ

▶️১৮২১ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ফৰাচী ঔপন্যাসিক আৰু দাৰ্শনিক গুস্তাভ ফ্লোবেয়াৰৰ জন্ম হৈছিল। ‘মাদাম বভাৰ’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
▶️১৮৮২ চনৰ এই দিনটোতেই বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰসিদ্ধ বাংলা উপন্যাস ‘আনন্দ মঠ’ প্ৰকাশ পাইছিল।
▶️১৮৮৯ চনৰ এই দিনটোতেই ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ মৃত্যু হৈছিল।
▶️১৯০৫ চনৰ এই দিনটোতেই ইংৰাজী ভাষাত লিখা ভাৰতীয় ঔপন্যাসিক আৰু কলা-সমালোচক মুলকৰাজ আনন্দৰ জন্ম হৈছিল। ‘কুলি’,’আনটাচ্চেবল’ আদি তেওঁৰ কালজয়ী উপন্যাস।
▶️১৯০৭ চনত ‘পাপৰি কবি’ গণেশ গগৈৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ এই দিনটোতেই দিল্লীৰ ঐতিহাসিক ‘দিল্লী দৰবাৰ’ত পঞ্চম জৰ্জক ভাৰতৰ সম্ৰাট ৰূপে ঘোষণা।ইয়াতে সম্ৰাট পঞ্চম জৰ্জৰ কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰৰ ঘোষণা।
▶️১৯৭৯ চনৰ এই দিনটোতেই অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন। ১৯৮০ চনৰ ৬ ডিচেম্বৰলৈকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ থাকে।
▶️১৯৮০ চনৰ এই দিনটোতেই অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমূৰৰ মন্ত্ৰীসভা গঠন। ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই হাজোত প্ৰথম লোক আদালত মুকলি।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে এন সিঙৰ অৱসৰ গ্ৰহণ। এই বছৰৰে ২৫ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰা সিঙে মাত্ৰ ১৮ দিন কাৰ্যনিৰ্বাহ কৰে।উচ্চতম ন্যায়ালয়ৰ ইতিহাসত ইয়েই সংক্ষিপ্ততম কাৰ্যকাল।
▶️১৯৮১ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ জন্ম হৈছিল। ২০০৭ চনৰ T-20 ক্ৰিকেটত ছটা বলত ছটা ছয় মাৰি অভিলেখ ৰচিছিল যুৱৰাজ সিঙে।২০০০ চনৰ পৰা এদিনীয়া আৰু ২০০৩ চনৰ পৰা ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ সদস্য হৈ পৰে এইগৰাকী ক্ৰিকেটাৰ।।

 

You might also like
Leave A Reply

Your email address will not be published.