আজি ১২ মে’

➡️আজিৰ দিনটো বিশ্ব নাৰ্ছ দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৬৬ চনৰ আজিৰ দিনটোতে শিৱাজী আৰু ঔৰংগজেৱৰ মাজত স্বাক্ষৰিত ‘পুৰন্দৰ চুক্তি’ কাৰ্যকৰী ৰূপায়ন হৈছিল।
➡️১৭৭৭ চনৰ এই দিনটোতে ‘নিউয়ৰ্ক গেজেট’ত আইচক্ৰীমৰ প্ৰথম বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল।
➡️১৮২০ চনৰ ১২ মে’ তাৰিখে ‘দি লেডী উইথ দি লেম্প’ নামে খ্যাত ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল।
➡️১৮৫৭ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰোনাল্ড ৰছৰ জন্ম হৈছিল হিমাচল প্ৰদেশৰ আলমোৰাত। ৰোনাল্ড ৰছেই আৱিষ্কাৰ কৰিছিল মেলেৰিয়া ৰোগৰ জীৱাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয়। এই আৱিষ্কাৰৰ বাবে তেওঁ লাভ কৰে ১৯০২ চনৰ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা।
➡️১৯০৭ চনৰ এই দিনটোতে প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেত্ৰী কেথৰিন হেপবাৰ্নৰ জন্ম হৈছিল।
➡️১৯৯৮ চনৰ ১২ মে’ তাৰিখে ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ সময়সীমা ৫৮ বছৰৰ পৰা ৬০ বছৰলৈকে বৃদ্ধি কৰা হয়।
➡️২০০৩ চনৰ আজিৰ দিনটোতে কংগোত বিমান দুৰ্ঘটনাত দুই শতাধিক লোকৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.