আজি ১৩ আগষ্ট

➡️১৮৭২ চনৰ ১৩ আগষ্টত প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হৈছিল। ১৯১৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৮৮ চনৰ এই দিনটোতে টেলিভিছনৰ আৱিষ্কাৰক জন লোগী ৱেয়াৰ্ডৰ মৃত্যু হৈছিল।
➡️১৮৯১ চনৰ আজিৰ দিনটোতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজে ফাঁচি দিছিল।
➡️১৯১০ চনৰ এই দিনটোতে ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হৈছিল।
➡️১৯১২ চনৰ ১৩ আগষ্ট তাৰিখে ইটালী মূলৰ বিশিষ্ট মাৰ্কিন চিকিৎসা-বিজ্ঞানী ছালভাডোৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হৈছিল। ১৯৬৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯১৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হৈছিল। ১৯৫৮ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
➡️১৯২৭ চনৰ এই দিনটোতে কিউবাৰ বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰোৰ কিউবাৰ থিৰান নামৰ ঠাইৰ ওচৰত জন্ম হৈছিল।
➡️২০০০ চনৰ ১৩ আগষ্ট তাৰিখে প্ৰখ্যাত গায়িকা নাজিয়া হাছানৰ মৃত্যু হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ ১৩ আগষ্ট তাৰিখে গ্ৰীচৰ এথেন্সত ২৮ সংখ্যক অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ৩০ আগষ্টলৈকে চলিছিল।

You might also like
Leave A Reply

Your email address will not be published.