আজি ১৩ জুন

➡️১২৯০ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ শাসক জালালুদ্দিন খলজিৰ দিল্লী দখল।
➡️১৭৫৭ চনৰ এই দিনটোতে ১,০০০ ইউৰোপীয় সেনা, ২,০০০ ভাৰতীয় সেনা আৰু আঠটা কমাণ্ড লৈ ৰবাৰ্ট ক্লাইভৰ ছিৰাজুদ্দৌলাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ মুৰ্ছিদাবাদলৈ যাত্ৰা আৰম্ভ।
➡️১৭৭৩ চনৰ ১৩ জুন তাৰিখে ইংৰাজ পদাৰ্থ-বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হৈছিল।
➡️১৮৬৫ চনৰ আজিৰ দিনটোতে আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম হৈছিল।
➡️১৯৪০ চনৰ এই দিনটোতে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কলংকিত নায়ক মাইকেল অ’ ডায়াৰক হত্যাৰ অভিযোগত উধম সিঙক লণ্ডনত ফাঁচি দিয়া হৈছিল।
➡️১৯৪৩ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাপানলৈ যাত্ৰা আৰম্ভ। তাত তেওঁ আজাদ হিন্দ ফৌজত যোগ দিয়ে আৰু এই বছৰৰে ২৫ আগষ্টত সংগঠনটোৰ সৰ্বাধিনায়ক হয়গৈ।।

You might also like
Leave A Reply

Your email address will not be published.