আজি ১৪ জুন

➡️আজিৰ দিনটো চিচিলিৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৯০৯ চনৰ ১৪ জুন তাৰিখে কমিউনিষ্ট নেতা ই এম এছ নাম্বুডিৰিপদৰ কেৰালাৰ পালঘাটত জন্ম হৈছিল। ১৯৬৭ চনত তেওঁ কেৰালাত ভাৰতৰ প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰে।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে লেটিন আমেৰিকাৰ গেৰিলা নেতা, কিউবা আন্দোলনৰ অন্যতম হোতা চে গুৱেভাৰাৰ আৰ্জেণ্টিনাত জন্ম হৈছিল।
➡️১৯৪৬ চনৰ এই দিনটোতে টেলিভিছনৰ আৱিষ্কাৰক জন লোগি বেয়াৰ্ডৰ মৃত্যু হৈছিল।
➡️১৯৬৮ চনৰ ১৪ জুন তাৰিখে ইটালীৰ প্ৰখ্যাত কবি, সমালোচক ছালভাটোৰ কোৱাছিম’ডোৰ মৃত্যু হৈছিল। ইটালীৰ কাব্য-সাহিত্যৰ মুকুটবিহীন সম্ৰাট ৰূপে অভিহিত কোৱাছিম’ডোৱে ১৯৫৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে ষষ্ঠদশ লোকসভাৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।
➡️১৯৯১ চনৰ এই দিনটোতে প্ৰখ্যাত ব্ৰিটিছ অভিনেত্ৰী ডেম পেগি এছক্ৰফটৰ ৮৩ বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল। সুদীৰ্ঘ ৬০ বছৰ মঞ্চ আৰু চলচ্চিত্ৰৰ লগত জড়িত এছক্ৰফটে ‘এ পেছেজ টু ইণ্ডিয়া’ ছবিত কৰা অভিনয়ৰ বাবে ১৯৮৪ চনত অস্কাৰ বঁটা লাভ কৰিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.