আজি ১৫ এপ্ৰিল

▶️আজি আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই বিলাসবহুল জাহাজ ‘টাইটানিক’ ডুবি ১,৫১৩ গৰাকী যাত্ৰীৰ শোকাৱহ মৃত্যু ঘটিছিল।
▶️১৪৫২ চনৰ আজিৰ দিনটোতেই ইটালীৰ শিল্পী,বিজ্ঞানী লিঅ’নাৰ্ডো ডা-ভিন্সিৰ জন্ম হৈছিল।
▶️১৪৬৯ চনৰ এই দিনটোতেই শিখ ধৰ্ম প্ৰচাৰক গুৰুনানকৰ জন্ম হৈছিল।
▶️১৮৬৫ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটিছিল।
▶️১৯৪৮ চনৰ এই দিনটোতেই হিমাচল প্ৰদেশ গঠন।
▶️১৯৮০ চনৰ এই দিনটোতেই ফৰাচী লেখক জাঁ-পল ছাত্ৰেৰ মৃত্যু হৈছিল।
▶️১৯৮৪ চনৰ এই দিনটোতেই শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা শিশু আলোচনী ‘মৌচাক’ৰ প্ৰকাশ।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ভীষ্ম নাৰায়ণ সিং অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। ১৯৮৯ চনৰ ১০ মে’ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই আঠ বছৰৰ আলোচনাৰ অন্তত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ গেট(GATT) চুক্তিত সন্মতি প্ৰদান।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেঁতু মুকলি।এই পথ-ৰে’ল দলংখনৰ দৈৰ্ঘ্য ২.৩ কিলোমিটাৰ।।

 

You might also like
Leave A Reply

Your email address will not be published.