আজি ১৫ ডিচেম্বৰ

➡️১০২৫ সম্ৰাট দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ‌ ৰোমৰ সিংহাসনত আৰোহণ।
➡️১৮৫২ ফৰাচী পদাৰ্থবিদ, তেজস্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এন্টেইন হেনৰী বেকাৰেলৰ জন্ম।
➡️১৮৬০ চিকিৎসা বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক নীলছ ৰাইচবাৰ্গৰ জন্ম। ১৯০৩ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩০ নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম।
➡️১৯৫০ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু।
➡️১৯৬০ ৰজা মহেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱৰ নেপালৰ জাতীয় সংসদ ভংগ।
➡️১৯৬৬ কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ মৃত্যু।
➡️১৯৮৮ ভাৰতত ভোটাধিকাৰৰ সময়সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস।
➡️১৯৯৩ পৃথিৱীৰ ১১৭ খন দেশৰ ‘গেট’ চুক্তিত স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান।
➡️ ১৯৯৫ জম্মু আৰু কাশ্মীৰত ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বৃদ্ধি। উত্তৰ প্ৰদেশতো ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ বাবে ৰাজ্যসভাৰ অনুমোদন।
➡️২০০৬ বিন কি মুন ৰাষ্ট্ৰসংঘৰ নতুন সচিবপ্ৰধান।
➡️২০০৫ ইৰাকত ভোটগ্ৰহণ। ইৰাকৰ ১৮খন প্ৰদেশৰ ১৫ কোটি জনসাধাৰণে ২৩০ জন প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে। সংসদৰ মুঠ ২৭৫ জন ৪৫ জন সদস্য প্ৰবাসী ইৰাকীয়ে নিৰ্বাচন কৰিব।
➡️১৯৭৬ ভাৰতীয় ফুটবল খেলুৱৈ বাইচুং ভুটিয়াৰ জন্ম। ভাৰতীয় ফুটবলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰোৱাৰ বাবে তেওঁক বাটকটীয়া আখ্যা দিয়া হয়। বৰ্তমান (২০০৮) ভাৰতীয় ফুটবল দলৰ অধিনায়ক।

You might also like
Leave A Reply

Your email address will not be published.