আজি ১৫ নৱেম্বৰ

➡ ১৬৩০ চনৰ আজিৰ দিনটোতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী যোহানছ কেপলাৰৰ মৃত্যু হৈছিল।

➡ ১৮৯৪ চনৰ ১৫ নৱেম্বৰত সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ জন্ম হৈছিল।

➡ মহাত্মা গান্ধীৰ হত্যাত অভিযুক্ত নাথুৰাম গডছে আৰু নাৰায়ণ দণ্ডাত্ৰেয় আপ্তেক আম্বালা জে’লত ফাঁচী দিয়া হৈছিল ১৯৪৯ চনৰ আজিৰ দিনটোতে।

➡ ১৯৫২ চনৰ ১৫ নৱেম্বৰত সাহিত্য সমালোচক বাণীকান্ত কাকতিৰ মৃত্যু হৈছিল।

➡ ১৯৮২ চনৰ আজিৰ দিনটোতে ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু হৈছিল।

➡ চাইপ্ৰাছৰ স্বাধীনতা ঘোষণা কৰা হৈছিল ১৯৮৩ চনৰ ১৫ নৱেম্বৰত।

➡ ১৯৮৬ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ জন্ম হৈছিল। ছানিয়া মিৰ্জা একক শাখাত বিশ্বৰ ২৭ নম্বৰ স্থানত মহিলা টেনিছ খেলুৱৈৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

➡ ১৯৮৮ চনৰ ১৫ নৱেম্বৰত পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটে ইজৰাইলৰ জৰ্দান নদীৰ পশ্চিম পাৰ (West Bank) আৰু গাজা ভূ-খণ্ডক লৈ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ ঘোষণা কৰিছিল। কিন্তু কাষৰীয়া দেশ ইজৰাইলে এই ৰাষ্ট্ৰক স্বীকৃতি নিদিয়াৰ পৰিণতিত আৰম্ভ হৈছিল বিক্ষোভ আৰু সংঘৰ্ষ।

➡ ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতত ভোটাধিকাৰৰ সময়সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল।

➡ পাকিস্তানৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে প্ৰথমখন আন্তৰ্জাতিক টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ১৯৮৯ চনৰ ১৫ নৱেম্বৰত।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে নামেৰী অভয়াৰণ্যক নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল।

➡ ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ ভৌগলিক এলেকাৰ ৪৫ শতাংশ মাটিকালিৰে নতুন ঝাৰখণ্ড ৰাজ্য গঠন হৈছিল।

➡ ২০০০ চনৰ আজিৰ দিনটোতে সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.