আজি ১৬ মে’

➡️১৯০৭ চনৰ আজিৰ দিনটোতে নাইৰোবি ব্ৰিটিছ পূব আফ্ৰিকাৰ ৰাজধানী হৈছিল।
➡️১৯১১ চনৰ ১৬ মে’ তাৰিখে কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল।
➡️১৯২৯ চনৰ এই দিনটোতে প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীত নাজী বাহিনীৰ অৱলুপ্তি ঘোষণা কৰা হৈছিল।
➡️১৯৬০ চনৰ ১৬ মে’ তাৰিখে ভাৰত আৰু ব্ৰিটেইনৰ মাজত আন্তৰ্জাতিক টেলেক্স সেৱা মুকলি কৰা হৈছিল।
➡️১৯৭০ চনৰ এই দিনটোতে টেনিছ খেলুৱৈ গেব্ৰিয়ালা ছাবাটিনীৰ জন্ম হৈছিল।
➡️১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমক ভাৰতৰ ২২ সংখ্যক অংগৰাজ্য ৰূপে স্বীকৃতি দিয়া হৈছিল। ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক গৃহীত হয়।
➡️১৯৯১ চনৰ ১৬ মে’ তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ইন-পাকিস্তান’ ঘোষণা কৰিছিল তেতিয়াৰ পাক প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফে।
➡️১৯৯৭ চনৰ এই দিনটোতে ভাৰতত মৌলিক অধিকাৰৰ অন্তৰ্ভূক্ত কৰা হয় ৬-১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে কুৱেইটত প্ৰথম মহিলা সকলক ভোটাধিকাৰ প্ৰদান কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.