১৭৬৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ ভাষাতত্ববিদ, কবি,সমালোচক ছেমুৱেল জনছনৰ লগত জেমছ বছৱেলৰ লণ্ডনত প্ৰথম সাক্ষাৎ।জেমছে পাছত জনছনৰ জীৱনী গ্ৰন্থ ‘লাইফ অৱ ছেমুৱেল জনছন’ লিখি বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছিল।
১৯১১ চনৰ আজিৰ দিনটোতেই কলকাতাত এছিয়াৰ বৃহত্তম জলধাৰা ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ।
১৯২৯ চনৰ এই দিনটোতেই প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল।
১৯৪৫ চনৰ আজিৰ দিনটোতেই জাৰ্মানীত নাজী বাহিনীৰ অৱলুপ্তি ঘোষণা।
১৯৬০ চনৰ এই দিনটোতেই ভাৰত আৰু ব্ৰিটেইনৰ মাজত আন্তৰ্জাতিক টেলেক্স সেৱা মুকলি।
১৯৭০ চনৰ আজিৰ দিনটোতেই টেনিছ খেলুৱৈ গেব্ৰিয়ালা ছাবাটিনীৰ জন্ম হৈছিল।
১৯৭৫ চনৰ এই দিনটোতেই ছিকিমক ভাৰতৰ ২২ সংখ্যক অংগৰাজ্য ৰূপে স্বীকৃতি।ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক গৃহীত হয়।
১৯৭৫ চনৰ আজিৰ দিনটোতেই জাপানৰ জানকো টাবেইৰ এভাৰেষ্ট বিজয়।এভাৰেষ্টত আৰোহন কৰা এৱেঁই প্ৰথম মহিলা।
১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ইন-পাকিস্তান’ ঘোষণা কৰিছিল তদানীন্তন পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতত ৬‐১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।
১৯৯৯ চনৰ আজিৰ দিনটোতেই কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ।
২০০৫ চনৰ আজিৰ দিনটোতেই বি বি টেণ্ডনক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছিল।।