১৫২৫ চনৰ এই দিনটোতেই সিন্ধু প্ৰদেশেদি বাবৰৰ ভাৰত আক্ৰমণ অভিযান। এয়া আছিল বাবৰৰ পঞ্চমটো অভিযান।
১৫৫৮ চনৰ এই দিনটোতেই কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হৈছিল।
১৮৫৭ চনৰ আজিৰ দিনটোতেই চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ইংৰাজৰ লক্ষ্ণৌ উদ্ধাৰ।
১৯২৮ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী লালা লাজপট ৰায়ৰ মৃত্যু হৈছিল।
১৯৩৯ চনৰ আজিৰ দিনটোতেই চৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। দ্বিতীয়টো কাৰ্যকালত ১৯৪১ চনৰ ২৪ ডিচেম্বৰ পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰী আছিল।
১৯৬৬ চনৰ আজিৰ দিনটোতেই ৰীতা ফাৰিয়াৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ। এই খিতাপ লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়।
১৯৯১ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠা।
১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ লোকসভা নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশৰ নানদিয়াল সমষ্টিৰ পৰা তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও ৫ লাখ ৮০ হেজাৰ ২৯৭ টা ভোটৰ ব্যৱধানত বিজয়ী হয়।ই এক বিশ্বাভিলেখ।
২০০১ চনৰ এই দিনটোতেই পাঁচ বছৰৰ মূৰত পুনৰ সক্ৰীয় হৈছিল কাবুল টেলিভিছন।।