আজি ১৭ নৱেম্বৰ

➡ ১৫২৫ চনৰ আজিৰ দিনটোতে সিন্ধু প্ৰদেশেদি বাবৰে ভাৰত আক্ৰমণ কৰিছিল। এয়া আছিল বাবৰৰ পঞ্চম অভিযান।

➡ ১৫৫৮ চনৰ ১৭ নৱেম্বৰত কুইন এলিজাৱেথ ইংলেণ্ডৰ ৰাণী হৈছিল।

➡ চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ইংৰাজে লক্ষ্ণৌ উদ্ধাৰ কৰিছিল ১৮৫৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯২৮ চনৰ ১৭ নৱেম্বৰত স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল।

➡ ১৯৩২ চনৰ আজিৰ দিনটোতে তৃতীয় আৰু অন্তিম ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল। এই মেজমেল ১৪ ডিচেম্বৰলৈকে চলিছিল।

➡ ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল ১৯৩৯ চনৰ ১৭ নৱেম্বৰত। দ্বিতীয়বাৰ মুখ্য মন্ত্ৰীত্বৰ কালত ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡ ৰীতা ফাৰিয়াৰে ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ কৰিছিল ১৯৬৬ চনৰ আজিৰ দিনটোতে। এই খিতাপ লাভ কৰা তেৱেঁই প্ৰথম ভাৰতীয়।

➡ ১৯৯১ চনৰ ১৭ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।

➡ ১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ লোকসভা নিৰ্বাচনত অন্ধ্ৰ প্ৰদেশৰ নানদিয়াল সমষ্টিৰ পৰা প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাও ৫ লাখ ৮০ হাজাৰ ২৯৭ টা ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। ই এক বিশ্বাভিলেখ।

➡ ২০০১ চনৰ ১৭ নৱেম্বৰত পাঁচ বছৰৰ মূৰত পুনৰ সক্ৰিয় হৈছিল কাবুল টেলিভিছন।।

You might also like
Leave A Reply

Your email address will not be published.