আজি ১৭ ফেব্ৰুৱাৰী

➡️১৬১৮ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে সম্ৰাট জাহাংগীৰৰ আমোলৰ ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰোৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন।
➡️১৬৭০ চনৰ আজিৰ দিনটোতে মোগলৰ হাতৰ পৰা শিৱাজীৰ সিংহগড় দুৰ্গ দখল।
➡️১৭৮১ চনৰ এই দিনটোতে ফৰাচী চিকিৎসক, ষ্টেথ’স্ক’পৰ আৱিষ্কাৰক ৰেনি থিঅ’ফিল লেনেকৰ জন্ম হৈছিল।
➡️১৮৯০ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে আধুনিকটাইপ-ৰাইটাৰৰ আৱিষ্কাৰক ক্ৰিষ্টোফাৰ লেথাম ছলছৰ মৃত্যু হৈছিল।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে আধুনিক হিব্ৰু সাহিত্যৰ শ্ৰেষ্ঠ কথাশিল্পী ছেমুৱেল ইউছুফ আগনোনৰ মৃত্যু হৈছিল। ১৯৬৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯৯ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে হাজোত অসম সাহিত্য সভাৰ পঞ্চষষ্ঠীতম অধিৱেশন আৰম্ভ হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে তিনিদিনীয়া কাৰ্যসূচীৰে ছিপাঝাৰৰ মংগল তীৰ্থত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছিল।
➡️২০০৭ চনৰ এই দিনটোতে বিশ্বৰ ভিতৰতে সৰ্বাধিক জলা জলকীয়া ৰূপে অসমৰ ভোট-জলকীয়াই স্বীকৃতি পাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.