আজি ১৮ নৱেম্বৰ

➡ আজি স্থলসেনা দিৱস।

➡ ১৭২৭ চনৰ আজিৰ দিনটোতে জয়পুৰ চহৰ প্ৰতিষ্ঠা কৰা হৈছিল।

➡ ১৯৬২ চনৰ ১৮ নৱেম্বৰত ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীলছ ব’ৰৰ মৃত্যু হৈছিল।

➡ কবি-সাহিত্যিক ৰঘুনাথ চৌধাৰীৰ মৃত্যু হৈছিল ১৯৬৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯৭২ চনৰ ১৮ নৱেম্বৰত বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় পশু আছিল সিংহ।

➡ ২০০১ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ লুধিয়ানাত ৩১তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।

➡ ১৯৪১ চনৰ ১৮ নৱেম্বৰত খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু হৈছিল। ১৯২০ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।

➡ বিহাৰৰ পাটনাৰ কাষত গংগাত নাও ডুবি ৫০০ যাত্ৰীৰ সলিল সমাধি ঘটিছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে।

➡ ১৯৭২ চনৰ ১৮ নৱেম্বৰত অসমৰ সংগীতশিল্পী জুবিন গাৰ্গৰ জন্ম হৈছিল।

➡ ১৯৮৮ চনৰ আজিৰ দিনটোতে তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচী লৈ মিখাইল গৰ্ভাচেভ দিল্লীত উপস্থিত হৈছিল।

➡ ১৯৯১ চনৰ ১৮ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হৈ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

➡ আমেৰিকাৰ হাষ্টনত অনুষ্ঠিত মাষ্টাৰ্ছ কাপ টেনিছত ৰ’জাৰ ফেডাৰাৰ বিজয়ী হৈছিল ২০০৩ চনৰ আজিৰ দিনটোতে।

➡ ২০০৩ চনৰ ১৮ নৱেম্বৰত টি ভি এছ কাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ৩৭ ৰানত পৰাজিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.