আজি ১৯ ডিচেম্বৰ

➡️১৬৭৫ চনৰ ১৯ ডিচেম্বৰৰ দিনটোতে নৱম শিখগুৰু তেগ বাহাদুৰৰ মৃত্যু হৈছিল।
➡️১৯০১ চনৰ আজিৰ দিনটোতে মোহন দাস কৰমচাঁদ গান্ধীয়ে বেৰিষ্টাৰী পাছ কৰি বোম্বাইত (মুম্বাই) উপস্থিত হৈছিল।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ অধীনৰ পৰা গোৱাৰ মুক্তি লাভ।
➡️১৯৭৮ চনৰ ১৯ ডিচেম্বৰত লোকসভাৰ পৰা ইন্দিৰা গান্ধীক বহিষ্কাৰ কৰা হৈছিল
➡️১৯৯১ চনৰ এই দিনটোতে মটৰগাড়ী নিৰ্মাণ শিল্পৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান আমেৰিকাৰ জেনেৰেল মটৰ্ছৰ ২১টা কাৰখানা বন্ধ হৈ কৰ্মচ্যুত হৈছিল ৭৪,০০০ কৰ্মী।
➡️১৯৯৫ চনৰ এই দিনটোতে বংগৰ পুৰুলিয়াত কোনো অজ্ঞাত ব্যক্তি-সংগঠনৰ বিমানে এ কে ৪৭ বন্দুক, ৰকেট লান্সাৰ, এন্টি টেংক গ্ৰেনেডসহ বহু অস্ত্ৰ-শস্ত্ৰসহ অৱতৰণ কৰিছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে ভাৰত-পাক সীমান্তত গুলীয়াগুলীৰ মাজেৰে যুদ্ধমুখী পৰিস্থিতিৰ সৃষ্টি হৈছিল।
➡️১৯৭৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ৰিকি পন্টিঙৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.