আজি ১৯ নৱেম্বৰ

➡ আজি কৌমি একতা দিৱস।

➡ আজি নাগৰিক দিৱস।

➡ ১৮৩৮ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক কেশৱ চন্দ্ৰ সেনৰ জন্ম হৈছিল।

➡ ১৮৮৭ চনৰ ১৯ নৱেম্বৰত মাৰ্কিন বিজ্ঞানী, ১৯৪৪ চনৰ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা বিজয়ী জেমছ বাটছেলাৰ ছুমনাৰ জন্ম হৈছিল।

➡ ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম হৈছিল ১৯১৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯১৯ চনৰ ১৯ নৱেম্বৰত ইটালীত বেনিটো মুছোলিনিক গ্ৰেপ্তাৰ কৰা হৈছিল।

➡ ১৯৬৯ চনৰ আজিৰ দিনটোতে চন্দ্ৰত দ্বিতীয়বাৰৰ বাবে মানুহে পদাৰ্পণ কৰিছিল।

➡ ১৯৭৫ চনৰ ১৯ নৱেম্বৰত মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰা ভাৰতীয় সুন্দৰী সুস্মিতা সেনৰ জন্ম হৈছিল।

➡ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটীত টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ ১৯৮২ চনৰ আজিৰ দিনটোতে।

➡ ১৯৮২ চনৰ ১৯ নৱেম্বৰত দিল্লীত নৱম এছিয়ান গেমছ আৰম্ভ হৈছিল। এই ক্ৰীড়া সমাৰোহ ৪ ডিচেম্বৰলৈকে চলিছিল।

➡ ১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় সুন্দৰী ঐশ্বৰ্য ৰায়ে ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ কৰিছিল।

➡ ১৯৯৪ চনৰ ১৯ নৱেম্বৰত কাৰ্নম মালেশ্বৰীয়ে ভাৰোত্তোলনত বিশ্ব চেম্পিয়ন খিতাপ লাভ কৰিছিল।

➡ হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতিৰূপে মনোনীত হৈছিল ২০০০ চনৰ আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.