আজি ১ অক্টোবৰ

▶️১৫৭৪ চনৰ আজিৰ দিনটোতেই তৃতীয় শিখ গুৰু অমৰ দাসৰ দেহাৱসান।
▶️১৮৪৭ চনৰ আজিৰ দিনটোতেই বিশিষ্ট ইংৰাজ লেখিকা তথা সমাজবাদৰ প্ৰবক্তা এনি বেছান্টৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী (১৯১৭)ৰ দায়িত্ব বহন কৰা এইগৰাকী বিদূষী মহিলাই ভাৰতত স্বায়ত্বশাসনৰ দাবীত আন্দোলনো কৰিছিল।
▶️১৮৫৪ চনৰ এই দিনটোতেই ভাৰতত চৰকাৰীভাৱে ডাকটিকটৰ প্ৰৱৰ্তন।
▶️১৮৮১ চনৰ এই দিনটোতেই ব’য়িং বিমান কোম্পানীৰ প্ৰতিষ্ঠাতা উইলিয়াম এডৱাৰ্ড ব’য়িঙৰ জন্ম হৈছিল।
▶️১৮৯৫ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকৎ আলী খাঁৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই ইংৰাজে গঠন কৰা ‘মাদ্ৰাজ প্ৰেছিডেন্সি’ প্ৰদেশৰ ১১ খন জিলা একত্ৰিত হৈ নতুন অন্ধ্ৰপ্ৰদেশৰ গঠন হৈছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই মিখাইল গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
▶️১৯৬৭ চনৰ এই দিনটোতেই ভাৰত পৰ্যটন বিকাশ নিগম লিমিটেড গঠন।
▶️১৯৫৮ চনৰ এই দিনটোতেই জোখ-মাখৰ এককৰ ক্ষেত্ৰত ভাৰতত মেট্ৰিক পদ্ধতিৰ প্ৰৱৰ্তন।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই বিবাহৰ ক্ষেত্ৰত ভাৰতত ছোৱালীৰ ন্যুনতম বয়স ১৫ বছৰৰ পৰা ১৮ বছৰলৈ আৰু ল’ৰাৰ ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এক এক গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.